Product SiteDocumentation Site

Red Hat Enterprise Linux 6

Release Notes

Red Hat Enterprise Linux 6.5 ৰ বাবে উন্মোচন টোকাসমূহ

Edition 5

Red Hat অভিযান্ত্ৰিক সমল সেৱাসমূহ


Legal Notice

Copyright © 2013 Red Hat, Inc.
The text of and illustrations in this document are licensed by Red Hat under a Creative Commons Attribution–Share Alike 3.0 Unported license ("CC-BY-SA"). An explanation of CC-BY-SA is available at http://creativecommons.org/licenses/by-sa/3.0/. In accordance with CC-BY-SA, if you distribute this document or an adaptation of it, you must provide the URL for the original version.
Red Hat, as the licensor of this document, waives the right to enforce, and agrees not to assert, Section 4d of CC-BY-SA to the fullest extent permitted by applicable law.
Red Hat, Red Hat Enterprise Linux, the Shadowman logo, JBoss, MetaMatrix, Fedora, the Infinity Logo, and RHCE are trademarks of Red Hat, Inc., registered in the United States and other countries.
Linux® is the registered trademark of Linus Torvalds in the United States and other countries.
Java® is a registered trademark of Oracle and/or its affiliates.
XFS® is a trademark of Silicon Graphics International Corp. or its subsidiaries in the United States and/or other countries.
All other trademarks are the property of their respective owners.


1801 Varsity Drive
 RaleighNC 27606-2072 USA
 Phone: +1 919 754 3700
 Phone: 888 733 4281
 Fax: +1 919 754 3701

Abstract
উন্মোচন টোকাসমূহে Red Hat Enterprise Linux 6.5 ত প্ৰণয়ন হোৱা উন্নয়ন আৰু যোগসমূহৰ উচ্চ স্তৰৰ সামৰনী প্ৰদান কৰে। Red Hat Enterprise Linux লৈ, 6.5 আপডেইটৰ বাবে হোৱা সকলো পৰিবৰ্তনৰ বিৱৰিত তথ্যচিত্ৰৰ বাবে, কাৰিকৰী টোকাসমূহ চাওক।

পাতনি
1. কাৰনেল
2. নেটৱাৰ্কিং
3. সুৰক্ষা
4. স্বাক্ষৰণ ব্যৱস্থাপনা
5. ভাৰছুৱেলাইজেষণ
5.1. KVM
5.2. Microsoft Hyper-V
5.3. VMware
6. সংৰক্ষণ
7. ক্লাস্টাৰিং
8. হাৰ্ডৱেৰ সামৰ্থবানতা
9. উদ্যোগ প্ৰামাণিক আৰু প্ৰমাণীকৰণ
10. ডেস্কটপ আৰু গ্ৰাফিক্স
11. পৰিৱেশন আৰু অতিক্ৰমনীয়তা
12. কমপাইলাৰ আৰু সঁজুলিসমুহ
A. উপাদান সংস্কৰণসমূহ
B. পুনৰীক্ষণৰ ইতিহাস

পাতনি

Red Hat Enterprise Linux গৌণ উন্মোচনসমূহ সুকীয়া সম্প্ৰসাৰণ, সুৰক্ষা আৰু বাগ সমাধান এৰাটাৰ এটা সংযুক্তি। Red Hat Enterprise Linux 6.5 উন্মোচন টোকাসমূহ এই গৌণ উন্মোচনৰ বাবে Red Hat Enterprise Linux 6 অপাৰেটিং চিস্টেম আৰু ইয়াৰ আনুষংগিক এপ্লিকেচনসমূহলে কৰা মুখ্য পৰিবৰ্তনসমূহ দেখুৱায়। এই গৌণ উন্মোচনত হোৱা সকলো পৰিবৰ্তনৰ বিৱৰীত টোকা (অৰ্থাত, ঠিক কৰা বাগসমূহ, যোগ কৰা সম্প্ৰসাৰন, আৰু বিচাৰি পোৱা জ্ঞাত সমস্যাসমূহ) কাৰিকৰী টোকাসমূহ ত উপলব্ধ। কাৰিকৰী টোকাসমূহে লগতে বৰ্তমানে উপলব্ধ সকলো কাৰিকৰী পূৰ্বদৰ্শন আৰু সিহতক প্ৰদান কৰা পেকেইজসমূহৰ এটা সম্পূৰ্ণ তালিকাও অন্তৰ্ভুক্ত কৰে।

গুৰুত্বপূৰ্ণ

অনলাইন Red Hat Enterprise Linux 6.5 উন্মোচন টোকাসমূহ, যি অনলাইন ইয়াত অৱস্থিত, ইয়াক বিৱৰিত, বৰ্তমান-তাৰিখলৈ-উন্নত সংস্কৰণ বুলি ধৰিব লাগিব। উন্মোচনৰ বিষয়ে প্ৰশ্ন থকা গ্ৰাহকসকলক তেওঁলোকৰ Red Hat Enterprise Linux ৰ সংস্কৰণৰ বাবে অনলাইন উন্মোচন আৰু কাৰিকৰী টোকাসমূহ চাবলৈ উপদেশ দিয়া হৈছে।
আপোনাক Red Hat Enterprise Linux জীৱন চক্ৰৰ বিষয়ে তথ্যৰ প্ৰয়োজন হলে, https://access.redhat.com/support/policy/updates/errata/ চাওক।

Chapter 1. কাৰনেল

Red Hat Enterprise Linux 6.5 ৰ কাৰনেলে Linux কাৰনেলৰ বাবে বহু বাগ সমাধান আৰু Linux কাৰনেললৈ সম্প্ৰসাৰন অন্তৰ্ভুক্ত কৰে। এই উন্মোচনৰ বাবে ঠিক কৰা গুৰুত্বপূৰ্ণ বাগ আৰু কাৰনেললৈ যোগ কৰা সম্প্ৰসাৰনৰ বিৱৰণৰ বাবে, Red Hat Enterprise Linux 6.5 কাৰিকৰী টোকাসমূহ ৰ কাৰনেল অংশ চাওক।

PMC-Sierra কাৰ্ডসমূহ আৰু নিয়ন্ত্ৰকসমূহৰ বাবে সমৰ্থন

pm8001/pm80xx ড্ৰাইভাৰে PMC-Sierra Adaptec Series 6H আৰু 7H SAS/SATA HBA কাৰ্ডসমূহ আৰু লগতে PMC Sierra 8081, 8088, আৰু 8089 chip based SAS/SATA নিয়ন্ত্ৰকসমূহৰ বাবে সমৰ্থন যোগ কৰে।

প্ৰতিক্ৰিয়াহিন ডিভাইচসমূহৰ বাবে সংৰূপণযোগ্য সময়অন্ত

কিছুমান সংৰক্ষণ সংৰূপসমূহ (উদাহৰণস্বৰূপ, বহু LUNs ৰ সৈতে সংৰূপসমূহ), SCSI ত্ৰুটি নিয়ন্ত্ৰণ ক'ডে সময় প্ৰেৰক কমান্ডসমূহ যেনে TEST UNIT READY ৰ এটা বৃহত পৰিমাণক প্ৰতিক্ৰিয়াহিন সংৰক্ষণ ডিভাইচসমূহৰ বাবে খৰচ কৰিব পাৰে। এটা নতুন sysfs প্ৰাচল,eh_timeout, ক SCSI ডিভাইচ অবজেক্টলৈ যোগ কৰা হৈছে, যি SCSI ত্ৰুটি নিয়ন্ত্ৰণ ক'ড দ্বাৰা ব্যৱহাৰ কৰা TEST UNIT READY আৰু REQUEST SENSE কমান্ডসমূহৰ বাবে সময়অন্ত মানৰ সংৰূপৰ অনুমতি দিয়ে। ই এই প্ৰতিক্ৰিয়াহিন ডিভাইচসমূহ নিৰীক্ষণ কৰোতে ব্যয় কৰা সময়ৰ পৰিমাণ কম কৰে। eh_timeout ৰ অবিকল্পিত মান হল ১০ ছেকেণ্ড, যি এই কাৰ্য্যকৰীতা যোগ কৰাৰ আগত ব্যৱহাৰ কৰা সময়অন্ত মান আছিল।

ত্ৰুটি উদ্ধাৰৰ বাবে সৰ্বাধিক সময়ৰ সংৰূপ

এটা নতুন sysfs প্ৰাচল eh_deadline ক SCSI হস্ট অবজেক্টলৈ যোগ কৰা হৈছে, যি ত্ৰুটি উদ্ধাৰ পৰিৱেশন কৰিবলৈ SCSI ত্ৰুটি নিয়ন্ত্ৰণ দ্বাৰা চেষ্টা কৰা সময়ৰ সৰ্বাধিক পৰিমাণ সংৰূপণ কৰাটো সামৰ্থবান কৰে, চেষ্টা কৰা বন্ধ কৰি সম্পূৰ্ণ হস্ট বাচ এডাপ্টাৰ (HBA) পুনৰসংহতি কৰাৰ আগত। এই প্ৰাচলৰ মান ছেকেণ্ডত ধাৰ্য্য কৰা হয়, আৰু অবিকল্পিত মান হল শূণ্য, যি সময় সীমা অসামৰ্থবান কৰে আৰু সকলো ত্ৰুটি উদ্ধাৰ সম্পূৰ্ণ হোৱাৰ অনুমতি দিয়ে। sysfs ব্যৱহাৰ কৰাৰ লগতে, eh_deadline কাৰনেল প্ৰাচল ব্যৱহাৰ কৰি সকলো SCSI HBAs ৰ বাবে এটা অবিকল্পিত মান সংহতি কৰিব পাৰি।

Lenovo X220 স্পৰ্শপৰ্দা সমৰ্থন

Red Hat Enterprise Linux 6.5 এ এতিয়া Lenovo X220 স্পৰ্শপৰ্দা সমৰ্থন কৰে।

Chapter 2. নেটৱাৰ্কিং

সুক্ষ্ম সময় প্ৰটোকল

Linux ৰ বাবে IEEE প্ৰামাণিক 1588-2008 অনুসৰি সুক্ষ্ম সময় প্ৰটোকল (PTP) এটা প্ৰণয়নক Red Hat Enterprise Linux 6.4 ত এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচন কৰা হৈছিল। PTP আন্তঃগাথনী, দুয়ো কাৰনেল আৰু ব্যৱহাৰকাৰী স্থান, এতিয়া Red Hat Enterprise Linux 6.5 ত সম্পূৰ্ণভাৱে সমৰ্থিত। নেটৱাৰ্ক ড্ৰাইভাৰ টাইম স্টাম্পিং সমৰ্থন এতিয়া নিম্নলিখিত ড্ৰাইভাৰসমূহ অন্তৰ্ভুক্ত কৰে: bnx2x, tg3, e1000e, igb, ixgbe, and sfc.

অ-সংৰূপ IP মাল্টিকাস্ট IGMP স্নুপিং তথ্যৰ বিশ্লেষণ

পূৰ্বতে, ব্ৰিজ মডিউল sysfs ভাৰছুৱেল ফাইল চিস্টেমে অ-সংৰূপি IP মাল্টিকাস্ট ইন্টাৰনেট দল ব্যৱস্থাপনা প্ৰটোকল (IGMP) স্নুপিং তথ্য নিৰীক্ষণ কৰাৰ ক্ষমতা প্ৰদান কৰা নাছিল। এই কাৰ্য্যকৰীতাৰ অবিহনে, ব্যৱহাৰকাৰীসকলে তেওঁলেকৰ মাল্টিকাস্ট ট্ৰাথিক সম্পূৰ্ণভাৱে বিশ্লেষণ কৰিব পৰা নাছিল। Red Hat Enterprise Linux 6.5 ত, ব্যৱহাৰকাৰীসকলে মাল্টিকস্ট ৰুটাৰ পৰ্টসমূহ, সক্ৰিয় স্বাক্ষৰক আৰু আনুষংগিক আন্তঃপৃষ্ঠসমূহৰ সৈতে তালিকাভুক্ত কৰিবলৈ সক্ষম।

NetworkManager ত PPPoE সংযোগসমূহৰ সমৰ্থন

NetworkManager ক পোইন্ট-টু-পোইন্ট প্ৰটোকল অভাৰ ইন্টাৰনেট (PPPoE) ভিত্তিয় সংযোগসমূহ; উদাহৰণস্বৰূপ, DSL, ISDN, আৰু VPN সংযোগৰ বাবে ব্যৱহৃত সংযোগসমূহ।

OpenStack ৰ বাবে নেটৱাৰ্ক নেইমস্পেইচ সমৰ্থন

নেটৱাৰ্ক নেইমস্পেইচ (netns) এটা লঘু বৈয়াম-ভিত্তিয় ভাৰছুৱেলাইজেষণ প্ৰযুক্তি। এটা ভাৰছুৱেল নেটৱাৰ্ক স্টেকক এটা প্ৰক্ৰিয়া দলৰ সৈতে সংযুক্ত কৰিব পাৰি। প্ৰতিটো নেইমস্পেইচৰ তাৰ নিজস্ব লুপবেক ডিভাইচ আৰু প্ৰক্ৰিয়া স্থান আছে। ভাৰছুৱেল অথবা প্ৰকৃত ডিভাইচসমূহক প্ৰতিটো নেটৱাৰ্ক নেইমস্পেইচত যোগ কৰিব পাৰি, আৰু ব্যৱহাৰকাৰীয়ে এই ডিভাইচসমূহলৈ IP ঠিকনাসমূহ ধাৰ্য্য কৰিব পাৰিব আৰু সিহতক এটা নেটৱাৰ্ক ন'ড হিচাপে ব্যৱহাৰ কৰিব পাৰিব।

ক্ৰিপ্টগ্ৰাফি হেশ ফলন পৰিবৰ্তন কৰিবলৈ SCTP সমৰ্থন

Red Hat Enterprise Linux 6.5 ত ব্যৱহাৰকাৰীসকলে ক্ৰিপ্টগ্ৰাফি হেশ ফলনক স্ট্ৰিম নিয়ন্ত্ৰণ পৰিবহন প্ৰটোকল (SCTP) সংযোগসমূহৰ বাবে MD5 ৰ পৰা SHA1 লৈ পৰিবৰ্তন কৰিব পাৰে।

SCTP ৰ বাবে M3UA মাপ গণকসমূহ

বাৰ্তা স্থানান্তৰ অংশ স্তৰ ৩ ব্যৱহাৰকাৰী অনুকূলন স্তৰ (M3UA) হল IETF প্ৰামাণিক দ্বাৰা বিৱৰিত এটা প্ৰটোকল যাৰ সহায়ত পাৰম্পৰিক টেলিসংযোগ নেটৱাৰ্কসমূহ (ISDN আৰু PSTN) ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে স্ট্ৰিম নিয়ন্ত্ৰণ পৰিবহন প্ৰটোকল (SCTP) ব্যৱহাৰ কৰি IP ৰে MTP স্তৰ ৩ ব্যৱহাৰকাৰী অংশ সংকেত বাৰ্তাসমূহ পৰিবহন কৰা হয়।

iproute ব্যৱহাৰ কৰি DOVE টানেলসমূহ ব্যৱস্থাপনা কৰা

বিতৰিত অভাৰলে ভাৰছুৱেল ইথাৰনেট (DOVE) টানেলসমূহে ভাৰছুৱেল প্ৰসাৰনযোগ্য স্থান নেটৱাৰ্ক (VXLAN) নিৰ্মাণৰ অনুমতি দিয়ে, যি ক্লাউড কেন্দ্ৰসমূহত ব্যৱহৃত ISO OSI স্তৰ ২ নেটৱাৰ্কসমূহৰ বাবে এটা অতিক্ৰমনীয় সমাধান দিয়ে। bridge সঁজুলি iproute পেকেইজৰ এটা অংশ আৰু ব্যৱহাৰ কৰিব পাৰি, উদাহৰণস্বৰূপ, Linux প্লেটফৰ্মত VXLAN ডিভাইচসমূহত এটা ফৰৱাৰ্ডিং ডাটাবেইচ ব্যৱস্থাপনা কৰিবলৈ।

Chapter 3. সুৰক্ষা

FIPS 140-2 প্ৰমাণীকৰণৰ সৈতে প্ৰাসংগিক পৰিবৰ্তনসমূহ

Red Hat Enterprise Linux 6.5 ত, সত্যতাৰ বৈধতা কৰা হয় যেতিয়া dracut-fips পেকেইজ উপস্থিত থাকে, কাৰনেল FIPS অৱস্থাত কাৰ্য্য কৰক বা নকৰক। Red Hat Enterprise Linux 6.5 ক কিধৰণে FIPS 140-2 সংগত কৰা হব তাৰ বিষয়ে বিৱৰিত তথ্যৰ বাবে, নিম্নলিখিত জ্ঞান ভিত্তি সমাধান পঢ়ক:

OpenSSL সংস্কৰণ 1.0.1 লৈ আপডেইটেড

এই আপডেইটে GlusterFS ত স্বচ্ছ ইনক্ৰিপষণ আৰু প্ৰমাণীকৰণ সমৰ্থনৰ বাবে প্ৰয়োজনীয় নিম্নলিখিত চাইফাৰসমূহ যোগ কৰে:
  • CMAC (চাইফাৰ-ভিত্তিয় MAC)
  • XTS (চাইফাৰটেকস্ট স্টিলিংৰ সৈতে XEX টুইকেবুল ব্লক চাইফাৰ)
  • GCM (Galois/গণক অৱস্থা)

OpenSSH ত স্মাৰ্টকাৰ্ড সমৰ্থন

OpenSSH এতিয়া PKCS #11 প্ৰামাণিকৰ সৈতে সংগত, যি OpenSSH ক প্ৰমাণীকৰণৰ বাবে স্মাৰ্টকাৰ্ড ব্যৱহাৰ কৰিবলৈ সামৰ্থবান কৰে।

OpenSSL ত ECDSA সমৰ্থন

উপবৃত্তীয় বক্ৰ অঙ্কীয় স্বাক্ষৰ এলগৰিথম (ECDSA) হল অঙ্কীয় স্বাক্ষৰ এলগৰিথম (DSA) ৰ এটা অপৰ যি উপবৃত্তীয় বক্ৰ ক্ৰিপ্টগ্ৰাফি (ECC) ব্যৱহাৰ কৰে। মন কৰিব যে কেৱল nistp256 আৰু nistp384 বক্ৰসমূহ সমৰ্থিত।

OpenSSL ত ECDHE সমৰ্থন

এফিমেৰেল উপবৃত্তীয় বক্ৰ Diffie-Hellman (ECDHE), সমৰ্থিত, যি কম গণিয় প্ৰয়োজনীয়তাৰ সৈতে সঠিক ফৰৱাৰ্ড দৃশ্যৰ অনুমতি দিয়ে।

OpenSSL আৰু NSS ত TLS 1.1 আৰু 1.2 ৰ সমৰ্থন

OpenSSL আৰু NSS এ এতিয়া পৰিবহন স্তৰ সুৰক্ষা (TLS) প্ৰটোকলৰ শেহতীয়া সংস্কৰণসমূহ সমৰ্থন কৰে, যি নেটৱাৰ্ক সংযোগসমূহৰ সুৰক্ষা বৃদ্ধি কৰে আৰু অন্য TLS প্ৰটোকল প্ৰণয়নসমূহৰ সৈতে সম্পূৰ্ণ আন্তঃকাৰ্য্যকৰীতা সামৰ্থবান কৰে। TLS প্ৰটোকলে ক্লাএন্ট-চাৰ্ভাৰ এপ্লিকেচনসমূহক নেটৱাৰ্কত এনে ধৰণে সংযোগ কৰাৰ অনুমতি দিয়ে য'ত ইভ্চড্ৰপিং আৰু টেম্পাৰিং নহয়।

HMAC-SHA2 এলগৰিথমৰ OpenSSH সমৰ্থন

Red Hat Enterprise Linux 6.5 ত SHA-2 ক্ৰিপ্টগ্ৰাফিক হেশ ফলনক এতিয়া এটা হেশ বাৰ্তা প্ৰমাণীকৰণ ক'ড (MAC) উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি, যি OpenSSH ত তথ্যৰ সত্যতা আৰু বৈধতা সামৰ্থবান কৰে।

OpenSSL ত উপসৰ্গ মেক্ৰ

openssl spec ফাইলে এতিয়া উপসৰ্গ মেক্ৰ ব্যৱহাৰ কৰে, যি openssl পেকেইজসমূহক পুনৰঅৱস্থিত কৰিবলৈ পুনৰনিৰ্মাণ কৰাৰ অনুমতি দিয়ে।

NSA চুইট B ক্ৰিপ্টগ্ৰাফি সমৰ্থন

চুইট B হল ক্ৰিপ্টগ্ৰাফিক মডাৰনাইজেষণ প্ৰগ্ৰামৰ অংশ হিচাপে NSA দ্বাৰা ধাৰ্য্য কৰা ক্ৰিপ্টগ্ৰাফিক এলগৰিথমসমূহৰ এটা সংহতি। ই দুয়ো মুক্ত আৰু গুপ্ত তথ্যৰ বাবে এটা আন্তঃকাৰ্য্যকৰী ক্ৰিপ্টগ্ৰাফিক ভিত্তি হিচাপে কাৰ্য্য কৰে। ই অন্তৰ্ভুক্ত কৰে:
  • কি' আকাৰ ১২৮ আৰু ২৫৬ বিটৰ সৈতে উন্নত ইনক্ৰিপষণ প্ৰামাণিক (AES)। ট্ৰাথিক ফ্ল'ৰ বাবে, AES ক নিম্ন বেণ্ডৱাইড্থ ট্ৰাফিকৰ বাবে গণক অৱস্থা (CTR) অথবা উচ্চ বেণ্ডৱাইড্থ ট্ৰাফিক আৰু সমমিত ইনক্ৰিপষণৰ বাবে কাৰ্য্যৰ Galois/গণক অৱস্থা (GCM)।
  • উপবৃত্তীয় বক্ৰ অঙ্কীয় স্বাক্ষৰ এলগৰিথম (ECDSA) অঙ্কীয় স্বাক্ষৰসমূহ।
  • উপবৃত্তীয় বক্ৰ Diffie-Hellman (ECDH) কি' চুক্তি।
  • সুৰক্ষিত হেশ এলগৰিথম 2 (SHA-256 আৰু SHA-384) বাৰ্তা ডাইজেস্ট।

অংশীদাৰী চিস্টেম প্ৰমাণপত্ৰসমূহ

NSS, GnuTLS, OpenSSL আৰু Java ক প্ৰমাণপত্ৰ ভৰষা নিৰ্ণয়সমূহৰ বাবে ইনপুট হিচাপে ব্যৱহাৰ কৰা ক্ৰিপ্ট টুলকিটসমূহ দ্বাৰা ব্যৱহাৰ কৰা এটা চিস্টেম-প্ৰসাৰিত ভৰষা ভঁৰাল সামৰ্থবান কৰিবলৈ চিস্টেম প্ৰমাণপত্ৰ এঙ্কৰসমূহ উদ্ধাৰ কৰিবলৈ আৰু তথ্য ব্লেকলিস্ট কৰিবলৈ এটা অবিকল্পিত উৎস অংশীদাৰী কৰিবলৈ তালিকাভুক্ত কৰা হৈছে। প্ৰমাণপত্ৰসমূহৰ চিস্টেম-স্তৰ প্ৰশাসনে ব্যৱহাৰত সহায় কৰে আৰু স্থানীয় চিস্টেম পৰিৱেশ আৰু কোম্পানী মোতায়েনসমূহৰ বাবে প্ৰয়োজনীয়।

পৰিচয় ব্যৱস্থাপনাত কেন্দ্ৰীয়ভাৱে স্থানীয় ব্যৱহাৰকাৰীসকলৰ স্বচালিত সংমিহলি

Red Hat Enterprise Linux 6.5 ত পৰিচয় ব্যৱস্থাপনাত কেন্দ্ৰীয়ভাৱে স্থানীয় ব্যৱহাৰকাৰীসকলৰ স্বচালিত সংমিহলি স্থানীয় ব্যৱহাৰকাৰীসকলক কেন্দ্ৰীয়ভাৱে ব্যৱস্থাপনা কৰাটো সহজ কৰে।

NSS ত ECC সমৰ্থন

Red Hat Enterprise Linux 6.5 ত নেটৱাৰ্ক সুৰক্ষা সেৱাসমূহ (NSS) এ এতিয়া উপবৃত্তীয় বক্ৰ ক্ৰিপ্টগ্ৰাফি (ECC) সমৰ্থন কৰে।

Chapter 4. স্বাক্ষৰণ ব্যৱস্থাপনা

Red Hat সমৰ্থন সঁজুলি

Red Hat Enterprise Linux 6.5 এ এটা নতুন পেকেইজ অন্তৰ্ভুক্ত কৰে, redhat-support-tool, যি Red Hat সমৰ্থন সঁজুলি প্ৰদান কৰে। এই সঁজুলিয়ে Red Hat ৰ স্বাক্ষৰণ সেৱাসমূহলৈ কনচৌল-ভিত্তিয় অভিগমৰ সুবিধা প্ৰদান কৰে আৰু Red Hat স্বাক্ষৰকসকলক Red Hat গ্ৰাহক হিচাপে উপলব্ধ দুয়ো সমল আৰু সেৱাসমূহ অভিগম কৰিবলৈ অধিক স্থান প্ৰদান কৰে। ততোধিকভাৱে, ই আমাৰ গ্ৰাহকসকলক তেওঁলোকৰ হেল্পডেস্ক সেৱাসমূহ আমাৰ স্বাক্ষৰণ সেৱাসমূহৰ সৈতে অনুকলন আৰু স্বচালন কৰিবলে সামৰ্থবান কৰে। এই পেকেইজৰ ক্ষমতাসমূহে অন্তৰ্ভুক্ত কৰে:
  • কনচৌলৰ পৰা জ্ঞান ভিত্তি আৰু সমাধান দৰ্শন (man পৃষ্ঠা হিচাপে ফৰমেটেড)।
  • কনচৌলৰ পৰা গ্ৰাহক কেইচসমূহ দৰ্শন কৰা, সৃষ্টি কৰা, পৰিবৰ্তন কৰা আৰু মন্তব্য দিয়া।
  • কনচৌলৰ পৰা এটাচমেন্ট প্ৰত্যক্ষভাৱে এটা গ্ৰাহক কেইচলৈ অথবা ftp://dropbox.redhat.com/ লৈ আপল'ড কৰা।
  • সম্পূৰ্ণ প্ৰক্সি সমৰ্থন (অৰ্থাত, FTP আৰু HTTP প্ৰক্সিসমূহ)।
  • কনচৌলৰ পৰা গ্ৰাহক কেইচলৈ এটাচমেন্টসমূহৰ দ্ৰুত তালিকাভুক্তকৰণ আৰু ডাউনল'ডিং।
  • প্ৰশ্ন কৰা বস্তুবোৰত জ্ঞান ভিত্তি সন্ধান, লগ বাৰ্তাসমূহ, আৰু অন্য প্ৰাচলসমূহ, এটা নিৰ্বাচন কৰিব পৰা তালিকাত সন্ধান ফলাফলসমূহ দৰ্শন কৰা।
  • বিশ্লেষণৰ বাবে Shadowman স্বচালিত সমস্যা নিৰ্ধাৰণ অংশলৈ লগ ফাইলসমূহ, লিখনী ফাইলসমূহ, আৰু অন্য উৎসসমূহৰ সহজ আপল'ডিং।
  • অন্য বিভিন্ন সমৰ্থন-সম্বন্ধীয় কমান্ডসমূহ।
Red Hat সমৰ্থন সঁজুলিৰ বিষয়ে অধিক তথ্যৰ বাবে, /usr/share/doc/redhat-support-tool-version/ ডাইৰেকটৰিত ইনস্টল্ড তথ্যচিত্ৰ অথবা নিম্নলিখিত জ্ঞান ভিত্তিয় অধ্যয়: https://access.redhat.com/site/articles/445443 চাওক।

subscription-manager list ৰ আপডেইটসমূহ

উপলব্ধ স্বাক্ষৰণসমূহৰ তালিকাৰ পৰা, subscription-manager list --available কমান্ডৰ আউটপুটে এতিয়া এটা নতুন ফিল্ড, Provides অন্তৰ্ভুক্ত কৰে। এই ফিল্ডে চিস্টেমৰ অৰ্হতা থকা উৎপাদনসমূহৰ নাম দেখুৱায়। অতিৰিক্তভাৱে, Suggested, সংগতিৰ সুবিধা দিবলৈ আৰু গ্ৰাফিকেল ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ (GUI) ৰ সৈতে সমতা প্ৰদান কৰিবলৈ যোগ কৰা হৈছে।

Chapter 5. ভাৰছুৱেলাইজেষণ

Red Hat Enterprise Linux 6.5 ত ভাৰছুৱেলাইজেষণ আপডেইটসমূহে জীৱন্ত প্ৰব্ৰজন, ত্ৰুটি সংবাদন, হাৰ্ডৱেৰ আৰু চফ্টৱেৰ সংগতিত কেইবাটাও বাগ সমাধান অন্তৰ্ভুক্ত কৰে। অতিৰিক্তভাৱে, পৰিৱেশন আৰু সাধাৰণ স্থিৰতা উন্নয়নসমূহ প্ৰণয়ন কৰা হৈছে। এই পৰিবৰ্তনসমূহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিবৰ্তনৰ বাবে, তলৰ অংশবোৰ চাওক।

5.1. KVM

VMDK ছবি ফাইল বিন্যাসৰ বাবে উন্নত সমৰ্থন

Red Hat Enterprise Linux 6.5 এ বহু VMware উৎপাদন দ্বাৰা সৃষ্টি কৰা, ভাৰছুৱেল মেচিন ডিস্ক, অথবা VMDK, ছবি ফাইল বিন্যাসসমূহ, ইয়াৰ উপবিন্যাসসমূহৰ বাবে কেৱল-পঢ়া সমৰ্থন প্ৰদান কৰিবলৈ কেইবাটাও উন্নয়ন অন্তৰ্ভুক্ত কৰে।

Windows অতিথি সহায়ক সম্পূৰ্ণভাৱে সমৰ্থিত

Windows অতিথি সহায়ক এতিয়া সমপূৰ্ণভাৱে সমৰ্থিত আৰু virtio-win ড্ৰাইভাৰসমূহৰ সৈতে পৰিপূৰক চেনেলত ইয়াৰ নিজস্ব ইনস্টলাৰৰ সৈতে প্ৰেৰণ কৰা হয়।

VHDX ছবি ফাইল বিন্যাসৰ বাবে সমৰ্থন

Red Hat Enterprise Linux 6.5 এ Microsoft Hyper-V দ্বাৰা সৃষ্টি কৰা, Hyper-V ভাৰছুৱেল হাৰ্ড ডিস্ক, অথবা VHDX, ছবি বিন্যাসসমূহৰ বাবে কেৱল-পঢ়িব পৰা সমৰ্থন অন্তৰ্ভুক্ত কৰে।

QEMU ত GlusterFS ৰ বাবে স্থানীয় সমৰ্থন

QEMU ত GlusterFS ৰ বাবে স্থানীয় সমৰ্থনে এটা স্থানীয়ভাৱে মাউন্ট কৰা FUSE ফাইল চিস্টেমৰ পৰিৱৰ্তে libgfapi লাইব্ৰেৰী ব্যৱহাৰ কৰি GlusterFS ভলিউমসমূহলৈ স্থানীয় অভিগমৰ অনুমতি দিয়ে। এই স্থানীয় পদ্ধতিয়ে উচ্চ পৰিৱেশন উন্নয়ন প্ৰদান কৰে।

জীৱন্ত ভাৰছুৱেল মেচিনসমূহৰ বহিৰ্তম বেকআপৰ বাবে সমৰ্থন

হস্টত চলি থকা তৃতিয়-দল এপ্লিকেচনসমূহ এতিয়া অতিথি ছবিক কেৱল-পঢ়িব পৰা অৱস্থাত অভিগম কৰিবলৈ সক্ষম, যাৰ বাবে ফাইলসমূহ কপি কৰিব আৰু বেকআপ লব পাৰি।

Linux অতিথিসমূহৰ বাবে CPU হট প্লাগিং

CPU হট প্লাগিং আৰু হট আনপ্লাগিং Linux অতিথিসমূহত QEMU অতিথি সহায়কৰ সহায়ত সমৰ্থিত; অতিথি চলি থকা অৱস্থাত CPUs সামৰ্থবান অথবা অসামৰ্থবান কৰিব পাৰি, যি হট প্লাগ অথবা হট আনপ্লাগ বৈশিষ্ট্যৰ অনুৰূপ।

qemu-ga-win ত VSS সমৰ্থনৰ সৈতে Microsoft Windows ত Application-Aware freeze আৰু thaw

VSS (ভলিউম শেডো কপি সেৱা) এটা Microsoft Windows API যি অনুমতি দিয়ে, সঠিক, স্থিৰ freeze আৰু thaw কাৰ্য্যসমূহৰ বাবে এপ্লিকেচনসমূহৰ অধিসূচনাৰ। এই বৈশিষ্ট্যৰ সৈতে, ভাৰছুৱেল মেচিন চলি থকা অৱস্থাত লোৱা স্নেপশ্বটসমূহ সম্পূৰ্ণ স্টেকৰ সহায়ত স্থিৰ (খণ্ডৰ পৰা অতিথি এপ্লিকেচনসমূহলৈ) আৰু বেকআপ কাৰণসমূহৰ বাবে ব্যৱহাৰ কৰিব পাৰি। অধিক তথ্যৰ বাবে, ভাৰছুৱেলাইজেষণ প্ৰশাসন সহায়ক চাওক

Linux ত qemu-ga Hooks ব্যৱহাৰ কৰা Application-Aware freeze আৰু thaw

Windows VSS সংস্কৰণৰ সদৃশ, অতিথিত চলি থকা QEMU অতিথি সহায়কৰ সৈতে সংলগ্ন হোৱা স্ক্ৰিপ্টসমূহ ব্যৱহাৰ কৰি application-consistent স্নেপশ্বটসমূহ সৃষ্টি কৰিব পাৰি। এই স্ক্ৰিপ্টসমূহে এপ্লিকেচনসমূহ অধিসূচিত কৰিব যি এটা freeze অথবা thaw কাৰ্য্যৰ সময়ত তথ্যক ডিস্কলৈ ফ্লাশ কৰিব, যাৰ সহায়ত স্থিৰ স্নেপশ্বটসমূহ লব পৰা যাব।

VMware OVF আৰু Citrix Xen অতিথিসমূহৰ KVM অতিথিসমূহলৈ পৰিবৰ্তন

virt-v2v পৰিবৰ্তন সঁজুলিক VMware অপেন ভাৰছুৱেলাইজেষণ বিন্যাস (OVF) ৰ পৰিবৰ্তন আৰু Citrix Xen অতিথিৰ KVM লৈ পৰিবৰ্তন সমৰ্থন কৰিবলৈ এটা আপস্ট্ৰিম সংস্কৰণলৈ উন্নত কৰা হৈছে।

বৃদ্ধিত KVM মেমৰি অতিক্ৰমনীয়তা

এটা অতিথিত KVM ভাৰছুৱেল মেমৰি অতিক্ৰমনীয়তাক 4TB লৈ বৃদ্ধি কৰা হৈছে।

Microsoft Windows অতিথিসমূহৰ পৰা ভলিউম নিয়ন্ত্ৰণৰ সমৰ্থন

ব্যৱহাৰকাৰীসকলে এতিয়া AC'97 কডেক ব্যৱহাৰ কৰি Microsoft Windows XP অতিথিসমূহত ভলিউম স্তৰ সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিব পাৰিব।

5.2. Microsoft Hyper-V

Microsoft Hyper-V Para-Virtualized ড্ৰাইভাৰসমূহ

Microsoft Hyper-V ত Red Hat Enterprise Linux সমৰ্থন উন্নত কৰিবলৈ, চিন্থেটিক ভিডিঅ' ফ্ৰেইম বাফাৰ ড্ৰাইভাৰক Red Hat Enterprise Linux 6.5 লৈ যোগ কৰা হৈছে। অতিৰিক্তভাৱে, হস্ট আৰু অতিথিৰ মাজৰ সংকেত প্ৰটোকল আপডেইট কৰা হৈছে। অধিক তথ্যৰ বাবে, ভাৰছুৱেলাইজেষণ প্ৰশাসন সহায়ক চাওক

5.3. VMware

VMware প্লেটফৰ্ম ড্ৰাইভাৰসমূহৰ আপডেইট

VMware নেটৱাৰ্ক পাৰা-ভাৰছুৱেলাইজ্ড ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলৈ আপডেইট কৰা হৈছে।

Chapter 6. সংৰক্ষণ

fsfreeze ৰ সম্পূৰ্ণ সমৰ্থন

fsfreeze সঁজুলি Red Hat Enterprise Linux 6.5 ত সম্পূৰ্ণভাৱে সমৰ্থিত। fsfreeze কমান্ড এটা ডিস্কত এটা ফাইল চিস্টেমলৈ অভিগম বন্ধ কৰে। fsfreeze ক হাৰ্ডৱেৰ RAID ডিভাইচসমূহৰ সৈতে ব্যৱহাৰ কৰিবলৈ ৰূপাঙ্কণ কৰা হৈছে, ভলিউম স্নেপশ্বটসমূহৰ সৃষ্টিত সংযোগ কৰাকৈ। fsfreeze সঁজুলিৰ বিষয়ে অধিক বিৱৰণৰ বাবে, fsfreeze(8) man পৃষ্ঠা চাওক।

pNFS ফাইল বিন্যাস কঠিনকৰণ

pNFS এ ভৌতিক সংৰক্ষণ ডিভাইচসমূহৰ পৰা আৰু ভৌতিক সংৰক্ষণ ডিভাইচসমূহলৈ, কমপিউট ক্লাএন্টসমূহক তথ্যক প্ৰত্যক্ষভাৱে আৰু সমান্তৰালভাৱে পঢ়া আৰু লিখাৰ অনুমতি দি, পাৰম্পৰিক NFS চিস্টেমসমূহক পাৰম্পৰিক NAS পৰিৱেশসমূহত স্কেইল আউট কৰাৰ অনুমতি দিয়ে। NFS চাৰ্ভাৰক কেৱল মেটা-ডাটা নিয়ন্ত্ৰণ কৰাৰ বাবে আৰু অভিগম নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা হয়, যাৰ সহায়ত বহু ক্লাএন্টৰ পৰা অতি বৃহত সংহতিসমূহলৈ অতিক্ৰমনীয় অভিগম প্ৰাপ্ত হয়। এই উন্মোচনত pNFS ৰ বাবে বাগ সমাধানসমূহ দিয়া হৈছে।

FUSE ত Red Hat সংৰক্ষণৰ সমৰ্থন

FUSE (ব্যৱহাৰকাৰী স্থানত ফাইলচিস্টেম) এটা ফ্ৰেইমৱাৰ্ক যি কাৰনেলত কোনো পৰিবৰ্তনৰ প্ৰয়োজনীয়তা নহোৱাকৈ সম্পূৰ্ণভাৱে ব্যৱহাৰকাৰী স্থানত ফাইল চিস্টেমসমূহৰ উন্নয়ন সামৰ্থবান কৰে। Red Hat Enterprise Linux 6.5 এ FUSE ব্যৱহাৰ কৰা ব্যৱহাৰকাৰী স্থান ফাইল চিস্টেমসমূহৰ বাবে পৰিৱেশন সম্প্ৰসাৰনসমূহ প্ৰেৰণ কৰে, উদাহৰণস্বৰূপ, GlusterFS (Red Hat সংৰক্ষণ)।

LVM পাতল যোগান আৰু স্নেপশ্বট

যৌক্তিক ভলিউম ব্যৱস্থাপকক পাতল যোগান অন্তৰ্ভুক্ত কৰিবলৈ আপডেইট কৰা হৈছে, যি ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ প্ৰকৃত সংৰক্ষণ ব্যৱহাৰ প্ৰয়োজনলৈ তেওঁলোকৰ ক্ষমতাক মিল খোৱাই তেওঁলোকৰ সংৰক্ষণ ক্ষমতাৰ ব্যয় অনুকূলন কৰাৰ অনুমতি দিয়ে। ব্যৱহাৰকাৰীসকল এতিয়া এটা অংশীদাৰী সংৰক্ষণ পুলৰ পৰা পাতল-যোগান ভলিউমসমূহ সৃষ্টি কৰিবলৈ সক্ষম। পুলত খন্ডসমূহ কেৱল তেতিয়াহে আবন্টন হয় যেতিয়া ভলিউম লিখা হয়, আৰু খণ্ডসমূহ পুললৈ ঘুৰাই দিয়া হয় যেতিয়া ভলিউমৰ তথ্য আতৰোৱা হয়। অতিৰিক্তভাৱে, স্নেপশ্বটসমূহ, অথবা পোইন্ট-ইন-টাইম কপিসমূহ, এটা ভলিউমত তথ্যৰ অভিগম প্ৰদান কৰে যিহেতু ই ভৱিষ্যতত এটা নিৰ্দিষ্ট সময়ত অস্তিত্ববান আছিল। ইয়াক তথ্য পুনৰ লিখাৰ আগত সংৰক্ষণ কৰি কৰা হয়।

বহুপথ I/O আপডেইটসমূহ

Device Mapper Multipath ৰ অতিক্ৰমনীয়তা আৰু ব্যৱহাৰৰ-সহজভাৱ উন্নত কৰা হৈছে। এই উন্নয়নসমূহ বিশেষভাৱে অন্তৰ্ভুক্ত কৰে:
  • সঁজুলিসমূহৰ প্ৰতিক্ৰিয়া,
  • বহুপথ ডিভাইচৰ স্বচালিত নামকৰণ,
  • আৰু অধিক শক্তিশালী লক্ষ্য চিনাক্তৰকণ।

GFS2 ত পৰিৱেশন উন্নয়নসমূহ

Red Hat Enterprise Linux 6.5 এ Orlov block আবন্টক উন্মোচন কৰিছে যি পৰস্পৰ প্ৰাসংগিক আৰু খুব সম্ভব একেলগে অভিগম কৰিব লগিয়া ফাইলসমূহৰ বাবে ভাল অৱস্থান প্ৰদান কৰে। অতিৰিক্তভাৱে, যেতিয়া সম্পদ দলসমূহ উচ্চভাৱে ঘনীকৃত, পৰিৱেশন উন্নত কৰিবলৈ এটা ভিন্ন দল ব্যৱহাৰ কৰা হয়।

mdadm ত TRIM সমৰ্থন

mdadm সঁজুলিয়ে এতিয়া RAID0, RAID1, RAID10 আৰু RAID5 ৰ বাবে TRIM কমান্ডসমূহ সমৰ্থন কৰে।

Chapter 7. ক্লাস্টাৰিং

pcs সম্পূৰ্ণভাৱে সমৰ্থিত

pcs পেকেইজ, যাক পূূৰ্বতে এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে ধৰা হৈছিল, এতিয়া Red Hat Enterprise Linux 6.5 ত সম্পূ্ৰ্ণভাৱে সমৰ্থিত। এই পেকেইজে corosync আৰু pacemaker সঁজুলিসমূহ সংৰূপণ আৰু ব্যৱস্থাপনা কৰিবলৈ এটা কমান্ড-শাৰী সঁজুলি প্ৰদান কৰে।

pacemaker সম্পূৰ্ণভাৱে সমৰ্থিত

Pacemaker, এটা অতিক্ৰমনীয় উচ্চ-উপলব্ধতা ক্লাস্টাৰ সম্পদ ব্যৱস্থাপক, যাক পূৰ্বতে এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল, এতিয়া সম্পূৰ্ণভাৱে সমৰ্থিত।

Chapter 8. হাৰ্ডৱেৰ সামৰ্থবানতা

ভৱিষ্যত Intel SOC প্ৰচেছৰসমূহৰ সমৰ্থন

ভৱিষ্যত Intel চিস্টেম-অন-চিপ (SOC) প্ৰচেছৰসমূহৰ সমৰ্থনৰ বাবে ডিভাইচ সমৰ্থন অপাৰেটিং চিস্টেমত সামৰ্থবান কৰা হৈছে। ই অন্তৰ্ভুক্ত কৰে দ্বৈত Atom প্ৰচেছৰসমূহ, মেমৰি নিয়ন্ত্ৰক, SATA, সাৰ্বভৈমক অসংমিহলিত গ্ৰাহক/প্ৰেৰক, চিস্টেম ব্যৱস্থাপনা বাচ (SMBUS), USB আৰু Intel লিগেছি খণ্ড (ILB - lpc, timers, SMBUS (i2c_801 module))।

12Gbps LSI SAS ডিভাইচসমূহৰ সমৰ্থন

mpt3sas ড্ৰাইভাৰে Red Hat Enterprise Linux ত LST ৰ পৰা 12Gbps SAS ডিভাইচসমূহৰ বাবে সমৰ্থন যোগ কৰে।

চলনসময় হাৰ্ডৱেৰ বিভাজন প্ৰক্ৰিয়া আৰু চিস্টেম বৰ্ড স্লট চিনাক্তকৰণৰ সমৰ্থন

চলনসময় হাৰ্ডৱেৰ বিভাজন প্ৰক্ৰিয়া আৰু চিস্টেম বৰ্ড স্লট চিনাক্তকৰণ বৈশিষ্ট্যসমূহে উচ্চ-স্তৰ চিস্টেম মিডিলৱেৰ অথবা এপ্লিকেচনসমূহক পুনৰসংৰূপৰ বাবে সতৰ্ক কৰে আৰু ব্যৱহাৰকাৰীসকলক চিস্টেম পুনৰাম্ভ নকৰাকৈ অতিৰিক্ত কাৰ্য্যভাৰ সমৰ্থন কৰিবলৈ চিস্টেম উন্নত কৰাৰ অনুমতি দিয়ে।

ভৱিষ্যত Intel 2D আৰু 3D গ্ৰাফিক্সৰ বাবে সমৰ্থন

ভৱিষ্যত Intel 2D আৰু 3D গ্ৰাফিক্সৰ বাবে সমৰ্থন যোগ কৰা হৈছে যাতে চিস্টেমসমূহে Red Hat হাৰ্ডৱেৰ প্ৰমাণীকৰণ প্ৰগ্ৰামৰ সহায়ত প্ৰমাণীত ভৱিষ্যত Intel প্ৰচেছৰসমূহ ব্যৱহাৰ কৰিব পাৰে।

কম্পনাংক সংবেদনশীলতা সহাঁৰি পৰ্যবেক্ষক

কম্পনাংক সংবেদনশীলতা সহাঁৰি পৰ্যবেক্ষকে অপাৰেটিং চিস্টেমক উন্নত তথ্য প্ৰদান কৰে যাতে ই উন্নত কম্পনাংক পৰিবৰ্তন নিৰ্ণয়বোৰ ল'ব পাৰে আৰু লগতে শক্তি সঞ্চয় কৰিব পাৰে।

ECC মেমৰি সমৰ্থন

ত্ৰুটি-সমাধান ক'ড (ECC) মেমৰিক AMD প্ৰচেছৰসমূহৰ এটা ভৱিষ্যত প্ৰজন্মৰ বাবে সামৰ্থবান কৰা হৈছে। এই বৈশিষ্ট্যয় ECC মেমৰি সম্বন্ধীয় গণক আৰু অৱস্থা বিটসমূহ অভিগম কৰি পৰিৱেশন আৰু ত্ৰুটিসমূহ নিৰীক্ষণ কৰাৰ ক্ষমতা প্ৰদান কৰে।

1TB মেমৰিৰ অধিক AMD চিস্টেমসমূহৰ বাবে সমৰ্থন

কাৰনেলে এতিয়া AMD চিস্টেমসমূহত 1TB ৰ অধিক RAM ৰ সৈতে মেমৰি সংৰূপসমূহ সমৰ্থন কৰে।

Chapter 9. উদ্যোগ প্ৰামাণিক আৰু প্ৰমাণীকৰণ

FIPS 140 পুনৰবৈধকৰণ

কেন্দ্ৰীয় তথ্য প্ৰক্ৰিয়াকৰণ প্ৰামাণিক (FIPS) প্ৰকাশন 140 এটা মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰৰ সুৰক্ষা প্ৰামাণিক যি সুৰক্ষা প্ৰয়োজনীয়তাসমূহ ধাৰ্য্য কৰে যাক সংবেদ্য, কিন্তু গুপ্ত তথ্য সুৰক্ষা প্ৰদান কৰা এটা সুৰক্ষা চিস্টেমৰ অন্তৰ্গত ব্যৱহৃত এটা ক্ৰিপ্টগ্ৰাফিক মডিউল দ্বাৰা সন্তুষ্ট কৰিব লাগিব। এই প্ৰামাণিকে চাৰিটা বৃদ্ধি হোৱা, গুনাত্মক স্তৰ: স্তৰ ১, স্তৰ ২, স্তৰ ৩, আৰু স্তৰ ৪ প্ৰদান কৰে। এই স্তৰসমূহে ক্ৰিপ্টগ্ৰাফিক মডিউলসমূহ প্ৰণয়ন হব পৰা বিভৱীয় এপ্লিকেচনসমূহ আৰু পৰিৱেশসমূহৰ এটা বৃহত বিস্তাৰ অন্তৰ্ভুক্ত কৰে। সুৰক্ষা প্ৰয়োজনীয়তাসমূহে এটা ক্ৰিপ্টগ্ৰাফিক মডিউলৰ সুৰক্ষিত ৰূপাঙ্কণ আৰু প্ৰণয়নৰ সৈতে জড়ীত স্থানসমূহ অন্তৰ্ভুক্ত কৰে। এই স্থানসমূহে ক্ৰিপ্টগ্ৰাফিক মডিউল ধাৰ্য্যকৰণ, ক্ৰিপ্টগ্ৰাফিক মডিউল পৰ্টসমূহ আৰু আন্তঃপৃষ্ঠসমূহ; ভূমিকা, সেৱাসমূহ, আৰু প্ৰমাণীকৰণ; সীমিত অৱস্থা আৰ্হি; ভৌতিক সুৰক্ষা; কাৰ্যকৰীতা পৰিৱেশ; ক্ৰিপ্টগ্ৰাফিক কি ব্যৱস্থাপনা; বিদ্যুৎচুম্বকীয় ব্যাঘাত/বিদ্যুৎচুম্বকীয় সংগতা (EMI/EMC); স্ব-পৰিক্ষণসমূহ; ৰূপাঙ্কণ পূষ্টিকৰণ; আৰু অন্য আক্ৰমণৰ উপশম অন্তৰ্ভুক্ত কৰে।
Red Hat Enterprise Linux 6.5 এ NSA চুইট B ক্ৰিপ্টগ্ৰাফি সম্প্ৰসাৰন আৰু প্ৰমাণীকৰণ সমৰ্থন কৰে। এই ক্ৰিপ্টগ্ৰাফিক এলগৰিথমসমূহে উচ্চ সুৰক্ষা নেটৱাৰ্কিং সংযোগ প্ৰদান কৰে। NSA SUITE B ক NIST 800 - 131 ৰ অন্তৰ্গত চৰকাৰী বিভাগসমূহৰ বাবে প্ৰয়োজন হয়। NSA চুইট B ক্ৰিপ্টগ্ৰাফিৰ উপাদানসমূহে নিম্নলিখিত অন্তৰ্ভুক্ত কৰে:
  • কাৰ্য্যৰ উন্নত ইনক্ৰিপষণ প্ৰামাণিক (AES) ইনক্ৰিপষণ GSM অৱস্থা
  • উপবৃত্তীয় বক্ৰ Diffie–Hellman (ECDH)
  • সুৰক্ষিত হেশ এলগৰিথম ২ (SHA-256)
নিম্নলিখিত লক্ষ্যবোৰ বৈধতাৰ বাবে প্ৰগতিশীল:
  • NSS FIPS-140 স্তৰ 1
  • চুইট B উপবৃত্তীয় বক্ৰ ক্ৰিপ্টগ্ৰাফি (ECC)
  • OpenSSH (ক্লাএন্ট আৰু চাৰ্ভাৰ)
  • Openswan
  • dm-crypt
  • OpenSSL
  • কাৰনেল ক্ৰিপ্ট
  • AES-GCM, AES-CTS, AES-CTR চিফাৰসমূহ

FSTEK প্ৰমানীকৰণ

ৰাছিয়ান কেন্দ্ৰৰ তেওঁলোকৰ নিজস্ব প্ৰমাণীকৰণ প্ৰক্ৰিয়া আছে যি বিদেশী বিক্ৰেতাসকলৰ সুৰক্ষা আবদাৰবোৰ নিৰ্ধাৰণ কৰাৰ বাবে সাধাৰণ সংজ্ঞা প্ৰমাণীকৰণ ওপৰত আৰ্হিত। কাৰিকৰী আৰু ৰপ্তানি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় সেৱা (FSTEK) প্ৰমাণীকৰণ বিদেশী বিক্ৰেতাসকল দ্বাৰা বিশেষভাৱে ৰাছিয়ান চৰকাৰী বিভাগবোৰলৈ তথ্য সুৰক্ষা উৎপাদনসমূহ আৰু সেৱা প্ৰদান কৰাৰ বাবে প্ৰয়োজনীয়।
তথ্য সুৰক্ষা প্ৰযুক্তি অনুজ্ঞা কৰাৰ অতিৰিক্তে, FSTEK বিভাগে ৰাষ্ট্ৰিয় ৰপ্তানি নিয়ন্ত্ৰণ অংশ নিয়ন্ত্ৰণ কৰে, যত অন্তৰ্ভুক্ত হয় দ্বৈত-ব্যৱহাৰ প্ৰযুক্তিসমূহ যি দুয়ো অসামৰিক আৰু সামৰিক এপ্লিকেচনসমূহৰ বাবে ব্যৱহাৰ কৰিব পাৰি তাৰ ৰপ্তানিৰ নিয়ন্ত্ৰণ।
বিদেশী বিক্ৰেতাসকলৰ বাবে FSTEK প্ৰমাণীকৰণৰ এটা ন্যায়পালিকা প্ৰয়োজনীয় যদি উৎপাদনে ব্যক্তিগত তথ্য ব্যৱহাৰ, সংৰক্ষণ অথবা প্ৰক্ৰিয়া কৰে আৰু ই ৰাছিয়ান কেন্দ্ৰত Red Hat ব্ৰেণ্ডৰ অন্তৰ্গত কেন্দ্ৰীয় আৰু ব্যৱসায়িক বিক্ৰি আইনসন্মত কৰিব।
FSTEK প্ৰমাণীকৰণ এটা নিৰ্দিষ্ট Red Hat Enterprise Linux 6 গৌণ উন্মোচনৰ ওপৰত ভিত্তিয় নহব আৰু সেয়েহে ই প্ৰমাণীকৰণ জীবনচক্ৰৰ সময়ত সম্পূৰ্ণ Red Hat Enterprise Linux 6 উন্মোচনক বৈধ কৰিব।

Chapter 10. ডেস্কটপ আৰু গ্ৰাফিক্স

গ্ৰাফিক্স আপডেইট আৰু নতুন হাৰ্ডৱেৰ সমৰ্থন

Red Hat Enterprise Linux 6.5 ত গ্ৰাফিক্স আপডেইটে নিম্নলিখিত অন্তৰ্ভুক্ত কৰে:
  • ভৱিষ্যত Intel আৰু AMD ডিভাইচসমূহৰ বাবে সমৰ্থন
  • Spice উন্নয়নসমূহ
  • উন্নত বহু মনিটৰ সমৰ্থন আৰু স্পৰ্শ পৰ্দা সমৰ্থন

উন্নত gdm

gdm এপ্লিকেচনলৈ আপডেইটসমূহে পাছৱাৰ্ড অৱসান বাৰ্তাসমূহ, বহু-আসন সমৰ্থন আৰু স্থানীয় আন্তঃকাৰ্য্যকৰীতা সমস্যাসমূহৰ সমাধান অন্তৰ্ভুক্ত কৰে।

উন্নত Evolution

Evolution এপ্লিকেচনক Microsoft Exchange ৰ সৈতে আন্তঃকাৰ্য্যকৰীতা উন্নত কৰিবলৈ শেহতীয়া আপস্ট্ৰিম সংস্কৰণলৈ উন্নত কৰা হৈছে। ই নতুন Exchange ৱেব সেৱা (EWS), উন্নত সভা সমৰ্থন আৰু উন্নত ফোল্ডাৰ সমৰ্থন অন্তৰ্ভুক্ত কৰে।

পুনৰভিত্তিয় LibreOffice

Red Hat Enterprise Linux 6.5 উন্মোচনত, LibreOffice ক আপস্ট্ৰিম সংস্কৰণ 4.0.4 লৈ উন্নত কৰা হৈছে।

AMD GPUs ৰ বাবে সমৰ্থন

Red Hat Enterprise Linux 6.5 লৈ শেহতীয়া AMD গ্ৰাফিক্স প্ৰচেছৰ ইউনিটসমূহ (GPUs) ৰ বাবে সমৰ্থন যোগ কৰা হৈছে

NetworkManager ত এলিয়াচ সমৰ্থন

NetworkManager ত এলিয়াচ সমৰ্থন যোগ কৰা হৈছে। যি কি নহওক, ব্যৱহাৰকাৰীসকলক ইয়াৰ পৰিৱৰ্তে একাধিক অথবা দ্বিতীয় IP বৈশিষ্ট্য ব্যৱহাৰ কৰাৰ উপদেশ দিয়া হৈছে।

Chapter 11. পৰিৱেশন আৰু অতিক্ৰমনীয়তা

KSM সম্প্ৰসাৰনসমূহ

কাৰনেল অংশীদাৰী মেমৰি (KSM) ক সম্প্ৰসাৰন কৰা হৈছে যাতে ই পৃষ্ঠাসমূহ সন্মিলিত কৰাৰ সময়ত অসমৰূপী মেমৰি অভিগমৰ সুবিধা প্ৰদান কৰিব পাৰে, যি চিস্টেমত এপ্লিকেচনসমূহৰ পৰিৱেশন উন্নত কৰে। লগতে, অতিৰিক্ত পৃষ্ঠা ধৰণসমূহ অন্তৰ্ভুক্ত কৰা হৈছে যাতে Red Hat OpenShift ৰ বাবে উপলব্ধ এপ্লিকেচনসমূহৰ ঘনতা বৃদ্ধি হয়।

tuned আপডেইটসমূহ

tuned আলেখ্যসমূহক উন্নত কৰা হৈছে যাতে কিছুমান ক্ষেত্ৰত অনুকূল পৰিৱেশন প্ৰদান কৰিব পাৰি।

Chapter 12. কমপাইলাৰ আৰু সঁজুলিসমুহ

স্বচালিত বাগ সংবাদন সঁজুলি (ABRT), সংবাদকসমূহৰ অবিকল্পিত সংহতিত পৰিবৰ্তন

abrt-cli --report DIR চলালে এতিয়া সংবাদকসমূহৰ নিম্নলিখিত পছন্দসমূহ দেখুৱায়:
আপুনি সমস্যাক কিধৰণে সংবাদন কৰিব বিচাৰে?
1) নতুন Red Hat সমৰ্থন বিষয়
2) অস্তিত্ববান Red Hat সমৰ্থন বিষয়
3) টাৰ আৰ্কাইভলৈ সংৰক্ষণ কৰক

উপাদান সংস্কৰণসমূহ

এই সূচী Red Hat Enterprise Linux 6.5 উন্মোচনত উপাদানসমূহ আৰু সিহতৰ সংস্কৰণসমূহৰ এটা তালিকা।
উপাদান
সংস্কৰণ
কাৰনেল
2.6.32-421
QLogic qla2xxx ড্ৰাইভাৰ
8.04.00.08.06.4-k
QLogic ql2xxx ফাৰ্মৱেৰ
ql23xx-firmware-3.03.27-3.1
ql2100-firmware-1.19.38-3.1
ql2200-firmware-2.02.08-3.1
ql2400-firmware-7.00.01-1
ql2500-firmware-7.00.01-1
Emulex lpfc ড্ৰাইভাৰ
8.3.7.21.1p
iSCSI আৰম্ভক সঁজুলি
iscsi-initiator-utils-6.2.0.873-9
DM বহুপথ
device-mapper-multipath-0.4.9-71
LVM
lvm2-22.02.100-4
Table A.1. উপাদান সংস্কৰণসমূহ

পুনৰীক্ষণৰ ইতিহাস

Revision History
Revision 1.0-7Thu Nov 21 2013এলিস্কা স্লভ্ড'ভা
Red Hat Enterprise Linux 6.5 উন্মোচন টোকাসমূহৰ উন্মোচন।
Revision 1.0-3Thu Oct 3 2013এলিস্কা স্লভ্ড'ভা
Red Hat Enterprise Linux 6.5 Beta উন্মোচন টোকাসমূহৰ উন্মোচন।